দিল্লী বিশ্ববিদ্যালয়ত উত্তৰ পূৱৰ ছাত্ৰীৰ বৰ্ণ বৈষম্যৰ অভিযোগ: মহিলা আয়োগৰ জাননী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক

 05/13/2020 - 15:38

উৎপল কুমাৰ কলিতা: উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত উত্তৰ পূৱৰ ছাত্ৰ ছাত্ৰীয়ে বৰ্ণ বৈষম্যৰ স্বীকাৰ হোৱাটো নতুন কথা নহয়। কিন্তু এইবাৰ খোদ বিশ্ব বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে উঠিছে এনে বৰ্ণ বৈষম্যৰ অভিযোগ। উল্লেখযোগ্য যে দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীসকলৰ এতিয়া লকডাউন আৰু দিল্লী ক'ৰণাৰ হটস্পট হৈ পৰাৰ বাবে হোষ্টেলতে আৱদ্ধ হৈ পৰাৰ বিকল্প নোহোৱা হৈছে।

কিন্তু এনে সময়তে দিল্লী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উত্তৰ পূবৰ ছাত্ৰী সকলক দিছে অমানবীয় ভাবে হোষ্টেল খালী কৰাৰ নিৰ্দেশ। লকডাউনৰ সময়ত এনে নিৰ্দেশৰ বাবে হাহাকাৰ হৈছে ছাত্ৰী সকলৰ। তেওঁলোক এতিয়া ক'লৈ যাব কি কৰিব। এনে পৰিপ্ৰেক্ষিতত ছাত্ৰী সকলে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধ হাৰাশাস্তি আৰু বৰ্ণ বৈষম্যৰ অভিযোগ তুলি দিল্লী মহিলা আয়োগৰ ওচৰ চাপিছে।

অৱশ্যে মহিলা আয়োগে বিষয়টো তৎকালীনভাবে গুৰুত্ব দি কালি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষলৈ এক জাননী জাৰি কৰে। জাননীত এই সংক্ৰান্তত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক কাৰ দৰ্শোৱাৰ লগতে বিষয়টোত ব্যৱস্থা গ্ৰহহ্বান জনাইছে। মহিলা আয়োগে বৰ্ণ বৈষম্য মানি লোৱা নহব বুলি স্পষ্ট কৰিছে।

দেশৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ত এইদৰে ছাত্ৰী সকল বৰ্ণ বৈষম্যৰ বলি হোৱাটো অতি উদ্বেগৰ বিষয়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।