দু:সময়তো চুপাৰষ্টাৰ হৈ ৰ'ল অমিতাভ বচ্চন: দুৰ্গত শ্ৰমিকক উদ্ধাৰৰ পৰা ভোকাতুৰক ধৰিলে খাদ্য যোগান

 06/02/2020 - 16:00

উৎপল কুমাৰ কলিতা: বয়সে গৰকিলেও তেওঁ সদায় অনন্য। তেওঁ চুপাৰ ষ্টাৰ। লক্ষ লক্ষ ভাৰতীয়ৰ হৃদয় সম্ৰাট বিগ বি। ৭৮ বছৰটো ক'ৰনা সংকট লকডাউনৰ দু:সময়টো তেওঁ আকৌ এবাৰ প্ৰমান কৰিলে সচাকৈ তেওঁ চুপাৰষ্টাৰ। লডাউন তেওঁৰ বাবে ঘৰত সোমাই মনোৰঞ্জন কৰাৰ সময় নহয়। তেওঁ পালন কৰিলে লকডাউনৰ সময়টো চুপাৰ ষ্টাৰৰ ভূমিকা। হয় বিগ বি অমিতাভ বচ্চন। নামেই যাৰ পৰিছয়।

লকডাউনৰ সময়ত তেওঁ খবৰ ৰাখিলে দুৰ্গত মানুহৰ। প্ৰচাৰৰ বিপৰীতে নিৰবে তেওঁ কৰনাই কালৰূপ লোৱা মুম্বাইৰ ভোকাতুৰ জনৰ ভোক নিবাৰণৰ বাবে ২৮ মাৰ্চৰ পৰা প্ৰতিদিনে ৰন্ধা খাদ্যৰ টোপোলা হাজি আলি ট্ৰাষ্ট আৰু পিৰ মখদুম চাহেব ট্ৰাষ্ট নামৰ দুটা সামাজিক সংগঠনৰ সহযোগত যোগান ধৰি আহিছে।

তৰোপৰি তেওঁ বিতৰন কৰিছে ১০ হাজাৰ ৰেছনৰ টোপোলা। কৰ্তব্যৰত আৰক্ষীক যোগান ধৰিছে পিপিই কিট, মাস্ক। অকল এয়ে নহয় মুম্বাইত আৱদ্ধ হৈ পৰা ৩০০ বহিঃৰাজ্যৰত শ্ৰমিকক দহখন বাছেৰে নিজা খৰছত প্ৰেৰন কৰাৰ ব্যৱস্থা কৰে। মানব দৰদী বিগ বিয়ে ছ'চিয়েল মিডিয়াটো জনসচেতনতাৰ বাবে অহৰহ ব্যস্ত হৈ পৰে। ক'ৰনা মহামাৰীৰ প্ৰতিটো বিশেষজ্ঞৰ বিশ্লেষণ অধ্যয়ন কৰি জনসাধাৰণৰ মাজত ভিডিঅ' যোগে প্ৰচাৰ কৰে। ক'ৰনাৰ পৰা ৰক্ষা পাবলৈ আৰু সচেতন মহললৈ পৰামৰ্শ দি প্ৰচাৰ কৰে এটাৰ পাছত এটা ভিডিঅ'।

আনহাতে মানসিক ভাবে জনসাধাৰণক উৎসাহিত কৰি দুসময়টো মানসিক ভাবে উৎসাহী হ'বলৈ ছ'চিয়েল মিডিয়াত তেওঁ চলায় নিৰবচিন্ন প্ৰয়াস। শতিকাৰ মহানায়ক গৰাকীয়ে দুসময়ত যি ভূমিকা ললে সেই ভূমিকা অনন্য। দু:সময়তো তেওঁ পৰিছয় দিলে হয় সচা অৰ্থত তেওঁ মহানায়ক।

মহানায়ক অমিতাভ বচ্চনক আমিও জনালো তেওঁৰ অনন্য কৰ্মৰ বাবে নমস্কাৰ কামনা কৰিলো তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।