ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়ত, জিলা পৰিষদৰ উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ মাস্ক, চেনিটাইজাৰ প্ৰদান

 06/04/2020 - 16:44

উত্তৰ গুৱাহাটী: উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়ত আৰু জিলা পৰিষদৰ তৰফৰ পৰা মাস্ক আৰু চেনিটাইজাৰ প্ৰদান। ক'ভিড ১৯ ৰোগ সংক্ৰমণ ৰোধ কৰিবলৈ ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়ত তৰফৰ ইতিমধ্যে গাঁও পঞ্চায়তৰ প্ৰতিজন ব্যক্তিৰ বাবে মাস্ক বিতৰণ বাবে প্ৰস্তুত কৰিছে বুলি গাঁও পঞ্চায়তৰ সভাপতি পংকজ ৰামচিয়াৰীয়ে জানিবলৈ দিছে। এই প্ৰচেষ্টাৰ অন্তৰ্গত আজি উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ এচ ডি এম অ গীতা বৰদলৈৰ হাত জিলা পৰিষদৰ সভাপতি নয়ন মনি বৰা আৰু ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়ৰ সভাপতি পংকজ ৰামচিয়াৰীয়ে মাস্ক, চেনিটাইজাৰ অৰ্পণ কৰে।

ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়ৰ কৰ্মকৰ্তা সকলে জানিবলৈ দিয়া মতে চিকিৎসা কৰ্মীসকল সুৰক্ষা লগতে চিকিৎসালয়ত অহা ৰোগীসকলক সংক্ৰমণৰ পৰা বচোৱাৰ বাবেই এই দক্ষেপ হাতত লোৱা হৈছে। লগতে চিকিৎসালয়খনত পঞ্চায়তৰ তৰফৰ পৰা বিশুদ্ধ খোৱাপানী যোগান ধৰা হব বুলি সদৰী কৰে। ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়ত এই দক্ষেপক চিকিৎসালয়ত উপস্থিত সকলোৱে শলাগিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।