এইমছত ধাৰাবাহিক প্ৰতিবাদ নাৰ্চৰ: পুষ্পবৃষ্টি নহয় মানবতা প্ৰদৰ্শন কৰক,উপলব্ধি কৰক নাৰ্ছ সকলৰ শাৰীৰিক যন্ত্ৰণা

 06/05/2020 - 15:25

উৎপল কুমাৰ কলিতা: "আমিও মানুহ। আমাৰো যন্ত্ৰণা আছে। আমি যন্ত্ৰ নহয়। আমাৰ কথা ভাবক। মানবতা প্ৰদৰ্শন কৰি আমাৰ যন্ত্ৰনা উপলব্ধি কৰক"- এই আহ্বানেৰে পাঁচদিন ধৰি ধাৰাবাহিক ধৰ্মঘটত বহিছে দেশৰ সৰ্বশ্ৰেষ্ঠ চিকিৎসা প্ৰতিষ্ঠান দিল্লীৰ এইমছৰ নাৰ্ছসকলে। কিছুদিন আগতে তেওঁলোকৰ ওপৰত পুষ্পবৃষ্টি কৰা হৈছিল, তেওঁলোকৰ বাবে বাদ্য বজোৱা হৈছিল কিন্তু উপলব্ধি কৰা নহল তেওঁ লোকৰ যন্ত্ৰণা

উল্লেখযোগ্য বৰ্তমান এইমছ হৈ পৰিছে ক'ৰনাৰ হটস্পট। শতাধিক এইমছৰ চিকিৎসক চিকিৎসা কৰ্মী ক'ৰনাত আক্ৰান্ত হৈছে। এনে অৱস্হাত তেওঁলোকে অহৰহ পিন্ধিব লগা হৈছে পিপিই কিট। কিন্তু একেৰাহে ৬ৰ পৰা ৮ ঘন্টা পিপিই কিট পিন্ধি কাম কৰা সহজ নহয়। কাৰ পিপিই কিট পৰিধান কৰাৰ পাছত তেওঁলোকে পানী এটুপি খাব নোৱাৰে। শৌচগাৰ, প্ৰসাবগাৰলৈ যাব নোৱাৰে। ইফালে প্ৰচণ্ড গৰম। এনে অৱস্হাত পিপিই কিট দীৰ্ঘসময় পৰিধান কৰি কৰ্তব্য পালন কৰিব গৈ বহু নাৰ্ছ অন্য ৰোগত আক্ৰান্ত হৈছে। প্ৰায়ভাগৰে শৰীৰৰ ওজন কমি গৈছে। বহুতৰে শৰীৰত ঘা হৈ গৈছে। এনে অৱস্হাত তেওঁলোকৰ দাবী কৰ্তব্যৰ সময় ৪ ঘন্টালৈ হ্ৰাস কৰি মাজত জিৰণীৰ ব্যৱস্থা কৰক। কিন্তু পিপিই কিটৰ ব্যয় কমাবৰ বাবে কৰ্তৃপক্ষই মানি লোৱা নাই দাবী।

 

কাৰ ৪ ঘন্টাকৈ কৰ্তব্যৰ সময় কৰিলে অধিক পিপিই কিটৰ প্ৰয়োজন হব। সেয়ে এইমছ উত্তাল হৈ পৰিছে প্ৰতিবাদত। ১ জুনৰ পৰা ধাৰাবাহিক ভাবে চলিছে নাৰ্চৰ ধৰ্মঘট। বহু চিকিৎসা কৰ্মী এই দাবীৰ প্ৰতি সঁহাৰি জনাইছে। ইফালে আন কেবাখনো চিকিৎসালয়টো উঠিছে একেই দাবী। এতিয়া ক'ৰনা যুঁজত প্ৰথম শাৰীত থকা যুঁজাৰু সকলৰ দাবী চৰকাৰ কৰ্তৃপক্ষই কেনেদৰে লয় সেয়া হব লক্ষণীয়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।