জীয়াই থাকিবনে ভ্ৰাম্যমাণ থিয়েটাৰ: হাজাৰ হাজাৰ শিল্পী, কলা-কুশলীৰ জীৱন সংকটত

 06/08/2020 - 14:36

উৎপল কুমাৰ কলিতা: অসমীয়া সংস্কৃতিৰ গৌৰব ভ্ৰাম্যমাণ থিয়েটাৰ। বুশ্ব নাট্য আন্দোলনত এনে চহকী আাৰু জনসমাদৃত মাধ্যম বিৰল। অসমত ভ্ৰাম্যমাণ থিয়েটাৰ এক সাংস্কৃতিক উদ্যোগ। এই উদ্যোগৰ লগত জড়িত হাজাৰ হাজাৰ শিল্পী, কলা কুশলীৰ পৰা শ্ৰমিকলৈ। কিন্তু কাল ক'ৰনাই যতি পেলাবৰ উপক্ৰম হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ গৌৰৱজ্বল গতি। বিগত নাট্যবৰ্ষত কা বিৰোধী আন্দোলন আৰু ক'ৰনাৰ লকডাউনৰ বাবে বৃহৎ লোকচান হয় প্ৰতিখন ভ্ৰাম্যমাণ থিয়েটাৰৰ। এমাহ পূৰ্বে সামৰিব লগা হয় যাত্ৰা। এতিয়া নতুন নাট্য বৰ্ষটো আহি পৰিছে সংকট।

জুলাই মাহৰ পৰা আখৰা আৰম্ভ কৰিব লাগে যদিও এই পৰ্যন্ত চৰকাৰীভাবে তাৰবাবে অনুমতি পাবনে নিশ্চয়তা নাই। আনহাতে ক'ৰনা মহামাৰী প্ৰতিৰোধ নহ'লে ভ্ৰাম্যমাণ নাট্যদল বোৰে সামাজিক দূৰত্ব ৰক্ষাৰ স্বাৰ্থত নাট পৰিবেশনৰ অনুমতি পোৱা আশা ক্ষীন। এনে অৱস্হাত জীৱন জীৱিকাৰ সংকটত ভুগিব বহু শিল্পী কলা কুশলী। একাংশ প্ৰয়োজকে আসনৰ সংখ্যা হ্ৰাস কৰি ভ্ৰাম্যমাণৰ যাত্ৰা আৰম্ভ কৰিব দিবলৈ চৰকাৰক অনুৰোধ কৰিছে যদিও সেয়া কিমান সম্ভৱ হয় সময়ে কব।

ইফালে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত সকলে জীৱন, জীৱিকাৰ সংকটত ভোগাৰ সময়টো কিন্তু চৰকাৰ বা সাংস্কৃতিক বিভাগে কোনো গুৰুত্ব আৰোপ কৰা নাই। পোৱা নাই ভ্ৰাম্যমাণৰ লগত জড়িত সকলে কোনো সুবিধা। এনে পৰিবেশত উদ্যোগটো জীয়াই ৰাখিবলৈ চৰকাৰী সহযোগ অতি জৰুৰী। ভ্ৰাম্যমাণ শিল্পী সন্থাই এক ভিডিঅ'ৰ যোগেৰে চৰকাৰক শিল্পী, কলা কুশলী সকলক সাহায্য প্ৰদান কৰাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰক জীয়াই ৰখাৰ আহ্বান জনাইছে।

কিন্তু তাৰ মাজতে প্ৰশ্ন সামাজিক দূৰত্ব বজাই ভ্ৰাম্যমাণ থিয়েটাৰ যাত্ৰা সম্ভৱ হবনে? স্তব্ধ হব নেকি ভ্ৰাম্যমাণৰ গতি? নিবনুৱা হৈ পৰিব নেকি ভ্ৰাম্যমাণৰ লগত জড়িত হাজাৰ হাজাৰ লোক? চৰকাৰ তথা সাংস্কৃতিক বিভাগে কৰিবনে কিবা ব্যৱস্থা। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।