আজি কা গৃহীত কৰাৰ ছয়মাহ: তেজে ধোৱা পাহৰণি হ'ব নেকি কা আন্দোলন

 06/08/2020 - 18:53

উৎপল কুমাৰ কলিতা: ১০১৯ চনৰ ১০ ডিচেম্বৰ। আজিৰ পৰা ছয়মাহ অৰ্থাৎ ১৮০ দিন। অসমবাসীৰ আবেগ অনুভূতিক ভৰিৰে মোহাৰি জাপি দিছল বিজেপিৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা। জুই জ্বলিছিল অসমত। স্তব্ধ হৈ পৰিছিল অসম। আবাল বৃদ্ধ বনিতাৰ কা বিৰোধী শ্ল'গানত কপিছিল ৰাজপথ আকাশ বতাহ। আকৌ যদি যাব লাগে শৰাইঘাটলৈ বুলি ওলাই আহিছিল সকলো। ছাত্ৰ আন্দোলনৰ ৰূপত আত্মপ্ৰকাশ ঘটা কা বিৰোধী সংগ্ৰাম ৰূপান্তৰ হৈছিল গসংগ্ৰামলৈ। আৱদ্ধ কৰি তোলা হৈছিল জাতিদ্ৰোহী নেতা সকলক। চৰকাৰী বাহিনীয়ে সুপৰিকল্পিত ভাবে পৈশাচিক উন্মাদনাৰ নিৰ্মম হত্যা কৰিছিল পাঁচজনকৈ প্ৰতিবাদকাৰীক। স্বহীদসকলৰ তেজ চুই অজস্ৰজনে শপত লৈছিল কা বাতিল নোহোৱাকৈ স্তব্ধ নহব অসমীয়া1ৰ সংগ্ৰাম। আজিও বন্দী অখিল গগৈ প্ৰমুখ্যে বহু কা আন্দোলনকাৰী। কি শিল্পী, কি ছাত্ৰ নেতা তেজোদ্দীপক ভাষন চৌদিশে।

কিন্তু লাহে লাহে সকলো স্তব্ধ হ'ল। দুটামান দল, সংগঠন, দুজনমান নেতাৰ বাহিৰে সকলো শুই পৰিল। ক'ৰনা কালত সেয়াও নোহোৱা হ'ল। কা আন্দোলনৰ বন্দীক লৈ চৰকাৰে চলালে বহু ষড়যন্ত্ৰ। কিন্তু নিৰব সকলো। এসপ্তাহ আগতে গৃহমন্ত্ৰী অমিত শ্বাহৰ সদম্ভ ঘোষণা কা আন্দোলন শেষ কৰা হ'ব কিন্তু কোনেও এটা শব্দ নকলে। লাহে লাহে যেন এক তেজেধোৱা ইতিহাস হব কা বিৰোধী আন্দোলন। এতিয়ালৈ আদালতৰ মজিয়াতো আশানুৰূপ ফলৰ অগ্ৰগতি নাই।

কিন্তু এনেদৰে শেষ হব নেকি এটা জাতিৰ স্বাভিমান অস্তিত্ব ৰক্ষাৰ যুঁজ। অথলে যাব নেকি স্বহীদৰ আত্মত্যাগ। আকৌ জ্বলিবনে বিপ্লবৰ জুই। আকৌ কপিবনে ৰাজপথ। সাৰ পাবনে নিদ্ৰামগ্ন নেতা জনতা আকৌ এবাৰ ৰঙা কৰো বুলি লুইতৰ বগা পানী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।