সাংবাদিক শিক্ষাবিদ ভৈৰৱ শৰ্মাৰ বিয়োগত উত্তৰ গুৱাহাটীত শোক ছাঁ

 06/09/2020 - 18:36

উত্তৰ গুৱাহাটী: উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাতা, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মধ্যমখণ্ড নিৱাসী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সাংবাদিক ভৈৰৱ শৰ্মাদেৱৰ আজি বিয়লি ৩ বজাত পৰলোক প্ৰাপ্তি ঘটে। মৃদুভাষী অধ্যাপক ভৈৰৱ শৰ্মা শিক্ষাবিদ হিচাপে অতি পৰিচিত নাম। তেওঁ শিক্ষাবিদ হোৱা লগতে অসমৰ আগশাৰীৰ সংবাদ গোষ্ঠী আছাম ত্ৰিবিউন কাকতৰ উত্তৰ গুৱাহাটীৰ স্হানীয় সংবাদদাতা হিচাপে চাৰিটা দশকৰ অধিক সেৱা আগবঢ়াইছিল। ১৯২৬ চনত উত্তৰ গুৱাহাটীত জন্ম লাভ কৰা ভৈৰৱ শৰ্মাই অসম বিভাগ সংগঠনৰ লগত জড়িত হৈ সমাজৰ প্ৰতি বিশেষ অৰিহণা যোগাইছিল। তেওঁ কামৰূপ জিলা সাংবাদিক সন্থা, উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থা, উত্তৰ গুৱাহাটী গ্ৰাহক সমবায় সমিতি, উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুল, শংকৰদেৱ শিশু নিকেতন আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দায়িত্ব সুচাৰুৰূপে পালন কৰি সমাজৰ প্ৰতি অৱদান আগবঢ়াই আহিছিল। আজি বিয়লি ৩ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যু সময়ত পত্নী, পুত্ৰ, দুগৰাকী কন্যা সন্তান, নাতি আৰু অসংখ্য গুণমুগ্ধ ইহ সংসাৰত এৰি থৈ গৈছে।

শৰ্মা মৃত্যু বাতৰি বিয়পাৰ লগতে বিভিন্ন দল সংগঠনে তেওঁ চোতালত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। সমগ্ৰ উত্তৰ গুৱাহাটীত ভৈৰৱ শৰ্মাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। আবেলি উত্তৰ গুৱাহাটী শিলসাকোঁস্হিত ৰাজহুৱা শ্মশানত সাংবাদিক, শিক্ষাবিদ ভৈৰৱ শৰ্মাৰ শেষকৃত্য সম্পন্ন কৰা হব বুলি পৰিয়ালৰ তৰফৰ পৰা জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।