কেমেৰা, কলম এৰি সাংবাদিক নামিল পানীত: গেৰুৱা চৰকাৰৰ বাক স্বাধীনতা খৰ্ব

 06/10/2020 - 14:47

উৎপল কুমাৰ কলিতা: গেৰুৱা শাসনত খৰ্ব সংবাদ মাধ্যমৰ অধিকাৰ। সত্য প্ৰকাশ কৰিলে, চৰকাৰৰ কামৰ সত্য উদঘাটন কৰি গলে বিপদ। এবুকু পানীত নামি কেইজনমান মানুহে চিঞৰি আছে। আচলতে এওঁলোক প্ৰতিজনে সাংবাদিক। যোগী আদিত্য নাথৰ ৰাজ্য উত্তৰ প্ৰদেশৰ দৃশ্য এয়া। গংগা নদীত এবুকু পানীত কলম, কেমাৰা এৰি হাতত প্লে'কাৰ্ড লৈ নামিল সাংবাদিক সকল আৰু পানীত নামি সংবাদ মাধ্যমৰ স্বাধীনতা হৰৰ প্ৰতিবাদ কৰিলে।

জানিব পৰা মতে উত্তৰ প্ৰদেশৰ ফটেহপুৰৰ দুই সাংবাদিক অজয় ভৰোদিয়া আৰু বিবেক মিশ্ৰ চৰকাৰে দুখীয়া লোকৰ বাবে থকা সমূহীয়া খাদ্য যোগান কেন্দ্ৰ এটা লকডাউনৰ দুসময়ত বন্ধ হোৱা সত্য পোহৰলৈ আনিছিল। যাৰ বাবে প্ৰশাসনে দুয়োজন সাংবাদিকৰ ওপৰত গোচৰ ৰুজু কৰে। ইয়াৰ পূৰ্বে বিবেক মিশ্ৰ নামৰ এজন সাংবাদিকে চৰকাৰী গোশালা এটাৰ দুৰবস্থা প্ৰচাৰ কৰাৰ বাবে তেওঁৰ ওপৰতো গোচৰ ৰুজু কৰা হৈছিল। মুঠতে গেৰুৱা শাসনত চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই বিপদ। চৰকাৰৰ ঘোষ ক্ৰটি উলিয়াব গলে আহি পৰে সংসয়। যাৰ বাবে ফটেহপুৰ দিলা সাংবাদিক সন্থাই বাক স্বাধীনতা খৰ্ব আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বাধীনতা বিচাৰি গংগা নদীত নামি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয়।

বিশেষকৈ যোৱা দুটা বছৰত ভাৰতত চতুৰ্থ স্তম্ভৰ প্ৰতি ভয়াবহ ভাবুকি আহি পৰিছে। তাৰেই শেহতীয়া প্ৰমান এয়া যোগী আদিত্য নাথৰ ৰাজ্যৰ সাংবাদিক নিৰ্যাতন আৰু সাংবাদিকৰ অভিনব প্ৰতিবাদ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।