আজি বিজয়া দশমীঃ সমগ্ৰ ৰাজ্যৰ লগতে বটদ্ৰৱাৰ সমীপৱৰ্তী সোনাই পাৰ গৌৰীনাথ শিৱমন্দিৰত আৰম্ভ হৈছে দেৱী দুৰ্গাৰ মূৰ্তিৰ বিসৰ্জনৰ কাম

 10/26/2020 - 16:10

 

বটদ্ৰৱাঃ আজি বিজয়া দশমী৷ ক’ভিড প্ৰট'কল মানি চাৰিদিন পূজা অৰ্চনা কৰাৰ পিচত আজি বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন হয়। সমগ্ৰ ৰাজ্যৰ লগতে বটদ্ৰৱাৰ সমীপৱৰ্তী সোনাই পাৰ গৌৰীনাথ শিৱমন্দিৰত আৰম্ভ হৈছে বিসৰ্জনৰ কাম৷ কৰনা ভাইৰাছৰ আতংকৰ বাবে অনুষ্টুপীয়াকে আয়োজন কৰা গৌৰীনাথ শিৱমন্দিৰত এইবেলি দেৱী দুৰ্গাৰ মূৰ্তি পূজাৰ পৰিবৰ্তে ঘট পূজাৰে সম্পন্ন হয় পূজা। আজি দশমী উপলক্ষে গৌৰীনাথ শিৱমন্দিৰত ভক্ত-বৈষ্ণবে পূজা অৰ্চনাৰে সীমিত সংখ্যক লোকৰ উপস্থিতিত ঐতিহ্যমণ্ডিত সোনাই নৈত ঘট আৰু নৱপত্ৰিকা বিসৰ্জন সম্পন্ন হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।