ধন হৰলুকিৰ অভিযোগত আটক বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী

 11/08/2020 - 13:44

 

বৰপেটাঃ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এজন কৰ্মচাৰীক বৰপেটাৰ আৰক্ষীয়ে আটক কৰে৷ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে কৰ্মচাৰীজনক। আটকাধীন কৰ্মচাৰীজনৰ নাম প্ৰণৱ কুমাৰ ৰাভা৷ আটকাধীন কৰ্মচাৰীজনে হাস্পতালখনৰ ধন জমা লোৱা কাউন্টাৰত কৰ্মৰত আছিল৷ জানিব পৰা মতে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত ৰোগীৰ পৰা বিভিন্ন শিতান আদায় কৰা ধন হাস্পতাল কৰ্তৃপক্ষক জমা দিয়া নাছিল কৰ্মচাৰীজনে৷

হাস্পতাল কৰ্তৃপক্ষই বহুবাৰ ধন জমা দিবলৈ কৰ্মচাৰীজনক জাননী জাৰি কৰিছিল যদিও কৰ্মচাৰীজনে প্ৰায় তেৰ লাখ টকা আত্মসাৎ কৰি টকাখিনি জমা দিয়া নাছিল৷ এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ অধীক্ষকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছত আজি আৰক্ষীয়্ কৰ্মচাৰীজনক সোধ পোছৰ বাবে আটক কৰিছে৷ ইতিমধ্যে অভিযুক্ত প্ৰণৱ কুমাৰ ৰাভাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৩৬৩/২০২০/৪২০/৪০৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।