সুৰাপান কৰি উদ্ভণ্ডালি কৰাৰ বাবে হোজাই আৰক্ষী অধীক্ষৰ দুগৰাকী দেহৰক্ষীক নিলম্বন

 11/27/2020 - 18:56

 

ডবকাঃ সুৰাপান কৰি উদ্ভণ্ডালি কৰাৰ বাবে হোজাই আৰক্ষী অধীক্ষৰ দুগৰাকী দেহ ৰক্ষীক নিলম্বন। দুয়োগৰাকী দেহৰক্ষীক নিলম্বন কৰে হোজাই আৰক্ষী অধীক্ষ মানবেন্দ্ৰ দেৱৰয়ে। নিশা সুৰাপান কৰি উদ্ভণ্ডালি কৰিছিল আৰক্ষী অধীক্ষৰ দুই দেহ ৰক্ষীয়ে।

বৃহস্পতিবাৰে নিশা সুৰামত্ত হৈ দুয়ো জোৱানে হোজাইত সৃষ্টি কৰিছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ৷ অশালীন আৰু অবাইচ মাতেৰে ছুটি বিচাৰি জোৱানদ্বয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছতে আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ে নিলম্বিত কৰে দুয়ো তেওঁৰ দেহৰক্ষীক।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।