চেঙাৰ মালিপাৰাত আজৱ কাণ্ডঃ প্ৰধান শিক্ষকৰ অনুপস্থিতিত পৰিচালনা সমিতিৰ সভাপতিয়ে মধ্যাহ্ন ভোজনৰ নামত কণ কণ ছাত্ৰ-ছাত্ৰীক দিলে পচা আলু-পচা পিয়াঁজ

 12/22/2020 - 17:08

 

পূব বৰপেটাঃ বৰপেটা জিলাৰ চেঙা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ৯২৫ নম্বৰ মালিপাৰা প্ৰাথমিক বিদ্যালয়ত আজি এক উত্তেজনাৰ সৃষ্টি হয়। বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত অহা চাউল বিতৰণ কৰোঁতে চাউলৰ লগত দিয়া পচা আলু, পচা পিয়াঁজ দেখি অভিভাৱকসকল ক্ষুণ্ণ হৈ পৰে আৰু বিদ্যালয় পৰিচিলনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠে। শিক্ষা বিভাগৰ এই আজৱকাণ্ডত হঠচকিত হৈ পৰে অভিভাৱক। মধ্যাহ্ন ভোজনৰ নামত বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত বিলালে চাউলৰ লগতে খাবলৈ অনুপযোগী পিয়াজ, আলু, নিমখ, দালি।

অভিভাৱকৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ বাচেৰ আলীয়ে। প্ৰধান শিক্ষয়িত্ৰী চন্দ্ৰমা ডেকাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে অভিভাৱক আৰু সচেতন লোক। পৰিচালনা সমিতিৰ সভাপতিৰ স'তে মিলি প্ৰধান শিক্ষয়িত্ৰী চন্দ্ৰমা ডেকাই মধ্যহ্ন ভোজনৰ ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষয়িত্ৰী চন্দ্ৰমা ডেকাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ দাবী জনাইছে স্থানীয় ৰাইজে। এইক্ষেত্ৰত চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব! 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।