বংগত উজ্বলিছে অসম কন্যা IPS বিদিশা কলিতা

 05/05/2021 - 13:29

 


নিউজ ডেস্ক: নিজৰ সাহস তথা কৰ্মনিষ্ঠাৰে বংগত উজ্বলিছে অসম কন্যা IPS বিদিশা কলিতা৷ গুৱাহাটী মহানগৰীৰ চানমাৰী হলিচাইল্ড স্কুলৰ সমীপত তেওঁৰ ঘৰ৷ ২০১৫ চনত তেওঁ আৰক্ষী সেৱাত যোগদান কৰিছিল৷ পশ্চিমবংগত নিৰ্বাচন মানেই হিংসাত্মক ঘটনাৰ পয়োভৰ হয়৷আইন শৃংখলা জনিত পৰিস্থিতিৰ অৱনতি ঘটে প্ৰায়ে৷এনে এক জটিল পৰিবেশৰ মাজত ত্ৰানকৰ্তা ৰূপত আবিৰ্ভাৱ হৈছিল বিদিশা কলিতা৷বিদিশা কলিতা পিতৃও আছিল অসম আসামৰিক সেৱাৰ এগৰাকী বিষয়া৷অৱশ্যে তেওঁ এতিয়া অৱসৰ গ্ৰহণ কৰিছে। মিতালী সংঘৰ সৈতেও জড়িত বিদিশাৰ মাতৃ৷পশ্চিমবংগত এতিয়া যথেষ্ট জনপ্ৰিয় এই গৰাকী মহিলা আইপিএছ বিষয়া৷  

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।