ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ শেষকৃত্য

 05/12/2021 - 13:29

 

নিউজ ডেস্কঃ আজি পুৱা ৬.৫৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক, সমালোচক, কবি, সাংবাদিক, গল্পকাৰ হোমেন বৰগোহাঞিয়ে। নিশা ৩বজাত বিছনাৰ পৰা ঢলি পৰিছিল বৰগোহাঞি। কভিড টেষ্টৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে বৰগোহাঞিৰ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ শেষকৃত্য। জি এন আৰ চি হাস্পতালৰ পৰা প্ৰথমে হেঙেৰাবাৰীস্থিত ৱাসভৱনলৈ নিয়া হ’ব নশ্বৰদেহ।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।