নগাঁও জিলাৰ কামপুৰৰ বান-খহনীয়া প্ৰতিৰোধৰ দাবী

 06/09/2021 - 16:05

 

কামপুৰঃ মধ্য অসমৰ এটা কৃষি প্ৰধান অঞ্চল কামপুৰ। বঢ়মপুৰ আৰু ৰহা সমষ্টিৰ অন্তুৰ্গত কামপুৰৰ এই বৃহৎ এলেকাটোত প্ৰতিবছৰে বানপানীয়ে ত্ৰাহিমধুসুধন সুধায় স্থানীয় লোকক। কামপুৰৰ কপিলী; বৰপানী আৰু নিশাৰী নৈৰ প্ৰৱল বানে প্ৰতিবছৰৰ দৰে বিগত বৰ্ষত সংহাৰ সৃষ্টি কৰিছিল। সমগ্ৰ বাৰিষা কালত দহটাকৈ বানে বহু মথাউৰি খহাই নি কৃষি ভূমিৰ ক্ষতি কৰাৰ লগতে বহু পৰিয়ালক গৃহহাৰা কৰে।

সেইখিনি সময়ত বৰ্নাত্যসকলক ভগ্ন মথাউৰি মেৰামতিৰ লগতে সকলো ধৰনৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰখনে। পৰিতাপৰ বিষয় যে এটা বৰ্ষৰ পাৰ হৈ পুনৰ বাৰিষা আহিল কিন্তু আজিও মেৰামতি নোহোৱাকৈ থাকিল বহু মথাউৰি। সেয়ে শংকিত হৈ পৰিছে কামপুৰৰ নৈ পৰীয়া ৰাইজ। শীঘ্ৰে ভগ্ন মথাউৰিৰ মেৰামতিৰ দাবী কৰিছে স্থানীয় ৰাইজে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।