মৰিগাঁৱৰ জালুগুটিত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত আৰক্ষীৰ অভিযানঃ বৃহৎ পৰিমাণৰ ড্ৰগছসহ ইকবাল ইছেইনক আটক

 06/09/2021 - 16:54

 

মৰিগাঁওঃ আজি পুৱাই মৰিগাঁৱৰ জালুগুটিত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷ জিলাখনৰ সৰ্বত্ৰে ড্ৰাগছে ভয়াৱহ ৰূপ ধাৰণ কৰা সময়তে মৰিগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মৰিগাঁও ABI ব্ৰাঞ্চৰ আৰক্ষীয়ে জালুগুটি আৰক্ষী পহৰা চকীৰ সহযোগত জালুগুটি মিলনপটীৰ ইকবাল হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ী জনৰ ঘৰত প্ৰথমে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ৷ ইয়াৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত থকা ইকবাল ইছেইনক আৰক্ষীয়ে আতক কৰি সোধপোছ অব্যাহত ৰাখিছে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।