নগাঁও জিলাৰ সুঁতিৰপাৰত অজগৰ উদ্ধাৰ

 06/11/2021 - 13:34

 


বটদ্ৰৱাঃ যি সময়ত ৰাজ্যৰ চৌদিশে এচাম দুষ্ট চক্ৰই বন্যপ্ৰাণী হত্যা কৰি ইয়াৰ ছাল, নখ, দাঁত, হাড় আদিৰ চোৰাং ব্যৱসায় চলাই আহিছে ঠিক তেনে সময়তে নগাঁও জিলাৰ সুঁতিৰপাৰত ৰাইজৰ তৎপৰতাত এডাল অজগৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, আজি পুৱাৰ ভাগত সুতিৰপাৰত একাংশ লোকে পথাৰত কাম কৰি থকা সময়তে অজগৰটো প্ৰত্যক্ষ কৰে। লগে লগে প্ৰকৃতিপ্ৰেমী স্থানীয় ৰাইজে  অজগৰ সাপটো উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত বন বিভাগক চমজাই দিয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।