বটদ্ৰৱাৰ নিৰ্মীয়মান প্ৰকল্পস্থলীত মন্ত্ৰী বিমল বৰা

 06/11/2021 - 16:58

 

বটদ্ৰৱাঃ অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মীয়মান হৈ থকা "বটদ্ৰৱা প্ৰকল্প" স্থলীত শুকুৰবাৰে বিয়লি আহি  উপস্থিত হয় মন্ত্ৰী বিমল বৰা। মন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ বোকা পানী গচকি পৰিদৰ্শন কৰিলে বটদ্ৰৱা প্ৰকল্পস্থলী। অসম চৰকাৰে ৮ জুনত অনুষ্ঠিত কেবিনেট বৈঠকত বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ বেদখলমুক্ত ভূমিত ১৮৮ কোটি টকা ধনৰ আবন্টনত নিৰ্মাণ হৈ থকা" বৰদোৱা প্রকল্পৰ কামকাজ তৰান্বিত কৰা আৰু নিৰিক্ষণৰ দ্বায়িত্ব প্ৰদান কৰে মন্ত্ৰী বিমল বৰাক।

প্ৰতি মাহতে পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিবলৈ দায়িত্ব দিয়াৰ পিছত আজি প্ৰথমবাৰৰ বাবে মন্ত্ৰী গৰাকীয়ে গুৰুজনাৰ জন্মস্থানৰ বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। মন্ত্ৰী বিমল বৰাৰ লগত প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা, জিলা উপায়ুক্ত কবিতা পদ্মনাভনক লগত লৈ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি-সম্পাদক তথা বিষয়ববীয়া সকলক লগতো প্ৰকল্পস্থলীত কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়। ১৮ মাহত সম্পূৰ্ণ হ'বলগীয়া বটদ্ৰৱা প্ৰকল্পৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।