ভাৰতীয় জনতা পাৰ্টিৰ মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ সাধাৰণ সম্পাদক মদন শৰ্মালৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন

 06/11/2021 - 18:14

 

মাৰ্ঘেৰিটাঃ আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ সাধাৰণ সম্পাদক মদন শৰ্মাক আজি মাৰ্ঘেৰিটাৰ বিজেপি কাৰ্য্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ এই নিষ্ঠাবান কৰ্মীৰ বৃহস্পতিবাৰে আকস্মিকভাৱে মৃত্যু হয়। উল্লেখ্য যে সদ্য প্ৰয়াত মদন শৰ্মায় দীৰ্ঘ সময় ধৰি অতি নিষ্ঠাৰে ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰি আহিছিল।

তাৰ এই আকস্মিত মৃত্যুৰ খবৰত সমষ্টিটোৰ সমগ্ৰ দলীয় কৰ্মীৰ মাজত এক শোকৰ ছাঁ বিৰাজ কৰে। বিধায়ক শৰ্মাই তেখেতৰ এই অকাল মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকতপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। আজি মাৰ্ঘেৰিটাত বিধায়কৰ কাৰ্য্যালয়ত দলীয় মৰ্যাদাৰে তেখেতৰ এই পৰলোক যাত্ৰাকালত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ সভাপতি জ্যোতিষ ৰাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।