টীয়কত কৰ্তব্যৰত আৰক্ষীক হত্যাৰ চেষ্টাঃ বি এছ এফৰ জোৱানসহ দুজনক আটক

 06/12/2021 - 15:07

 

 

 

 

টীয়কঃ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত বামুণপুখুৰী আৰক্ষী চকীৰ এগৰাকী আৰক্ষী জোৱানক কৰ্তব্যৰত অৱস্থাত প্ৰাননাশৰ চেষ্টা কৰি ৰঙাঘৰৰ আলহী হ'ল বি এচ এফৰ জোৱানসহ দুজন যুৱক। উল্লেখ্যযে বামুণপুখুৰী আৰক্ষী চকীৰ আৰক্ষী জোৱাৰ প্ৰণৱ বৰুৱা আৰু দুগৰাকী আৰক্ষী নিজৰ কৰ্তব্যত আছিল যোৰহাট আৰু শিৱসাগৰৰ জিলাৰ সীমাৰ জাঁজী নদীৰ দলঙৰ সমিপত।

নিশা প্ৰায় একমান বজাত টীয়কৰ দিশৰ পৰা AS03 C 9685 নম্বৰৰ এখন মটৰ চাইকেলত যোৱা তিনিজন আৰোহিক ৰবলৈ নিৰ্দেশ দিয়ে আৰক্ষীয়ে কিন্তু মটৰ চাইকেলত যোৱা যুৱক কেইজনে উপযুৰ্পৰি আক্ৰমণ কৰে প্ৰণৱ বৰুৱা নামৰ আৰক্ষী জোৱান জনক।

ফলত গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হয় আৰক্ষী জোৱানজন। উল্লেখযোগ্য যুৱক তিনিজনৰ ভিতৰত বলমা দেউধাই গাঁৱৰ পৰমা গগৈ সীমা সুৰক্ষা বাহিনীৰ {BSF} জোৱান বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইফালে অন্য দুজন যুৱক হ'ল কুসুম গগৈ আৰু জ্ঞানদ্বীপ হাজৰিকা।

মনকৰিবলগীয়া বি এচ এফৰ জোৱান পৰমা গগৈ আৰু যে বলমা দেউধাই গাঁৱৰে কুসুম গগৈৰ বিৰুদ্ধে ইতিমধ্যে কেইবাটাও গোচৰ পঞ্জীয়ন হৈ আছে। টীয়ক আৰক্ষী প্ৰণৱ গগৈৰ এজাহাৰৰ ভিত্তিত 353/325/307/393/ 427/506/ 34 ধাৰাৰ অধীনত 381/2021 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি জেললৈ প্ৰেৰণ কৰিছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।