জামুগুৰিহাটৰ ধলাইবিলত পদ্ম হাজৰিকাৰ আৰ্থিক সাহায্যৰে নৱমিলন আত্মসহায়ক গোটে দেখুৱাইছে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন

 06/12/2021 - 15:33

 


জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাট এলেকাৰ ধলাইবিলত নৱমিলন আত্মসহায়ক গোটৰ ১০ জনীয়া সদস্যই দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন। বিধায়ক পদ্ম হাজৰিকাই আই বি এছৰ জৰিয়তে প্ৰদান কৰা ১০ লাখ টকাৰে আত্মসহায়ক গোটৰ সদস্যসকল একগোট হৈ দুগ্ধফাৰ্ম, মিন পালনৰ লগতে গাহৰি ফাৰ্মৰে স্বাৱলম্বিতাৰ পথ দেখুৱাই তেওঁলোক হাজাৰজনৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ। অনাগত দিনত মুৰ্গী, ছাগলি আৰু পাৰৰ ফাৰ্মৰ পৰিকল্পনা হাতত লোৱা বুলি জানিবলৈ দিছে নৱমিলন আত্মসহায়ক গোটৰ সভাপতি কৃষ্ণ শইকীয়া আৰু সম্পাদক বিজিত শইকীয়াই।

২০১৮ চনৰ পৰাই দুগ্ধফাৰ্ম, গাহৰি ফাৰ্মৰ লগতে মিনপালনৰে শুভাৰম্ভ কৰা আত্মসহায়ক গোটৰ ১০ জনীয়া সদস্য যথেষ্ট লাভবান হোৱাৰ কথা সদৰি কৰি পৰিয়াল ভৰন পোষন দিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰিছে গোটৰ সদস্যসকলে। আজি উক্ত ফাৰ্মখনৰ পৰিকল্পনাৰ সন্দৰ্ভত বুজ লয় দক্ষিণ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিলিপ সেনাপতি, দক্ষিণ মূঢ়াদল গাঁও পঞ্চায়তৰ গোটৰ সম্বনয়ক জগত বৰাৰ লগতে যুৱ মৰ্চাৰ সদস্য মানস হাজৰিকাই।

উল্লেখ্য যে কৰ্ম সংস্থাপনৰ তাগিদাত বহিৰাজ্যলৈ ঢাপলি মেলা এই কেইগৰাকী  শিক্ষিত নিৱনুৱা যুৱকক চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই  স্বগৃহতে থাকি কৰ্ম সংস্থাপনৰ বাট মোকলাই লোৱাৰ সুবিধা প্ৰদান কৰিছিল৷ সম্প্ৰতি বিধায়ক গৰাকীৰ পদক্ষেপক ৰাইজে আদৰনী জনোৱাৰ লগতে এই যুৱকসকলে নিজৰ কৰ্ম সংস্থাপনৰ বাট মুকলাই লোৱাৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।