৪ দিন পূৰ্বে নিৰুদ্দেশ হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ, কাঁচিৰে ডিঙি ৰেপি হত্যা কৰাৰ সন্দেহ

 06/12/2021 - 16:09

 

দক্ষিণ কামৰূপঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড৷ কাঁচিৰে ডিঙি ৰেপি হত্যা কৰাৰ সন্দেহ বিবাহিত যুৱকক৷ পথাৰ পেলাই থোৱা অৱস্থাত উদ্ধাৰ ক্ষত-বিক্ষত মৃতদেহ৷ মৃত যুৱকজনৰ নাম আব্দুল হাই বুলি জানিব পৰা গৈছে৷ চাৰিদিন পূৰ্বে ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল যুৱকজন৷ গৰৈমাৰীৰ মথ্য ভলুকাৱাড়ীত সংঘটিত হৈছে এই ঘটনা৷ এতিয়ালৈ চিনাক্ত হোৱা নাই হত্যাকাৰী৷ অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ ৰাইজৰ৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।