ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা লাভ কৰা টীয়কৰ সীমান্ত শইকীয়াই দিন হাজিৰা কৰি পোহপাল দিছে ৰোগীয়া পিতৃ-মাতৃকঃ পিতৃৰ আহ্বান নতুন চৰকাৰে আমাক সহায় কৰক

 06/12/2021 - 16:34

 

টীয়কঃ ভৰ বাৰিষা জাঁজী নদীৰ কাষত খেলি থাকোতে পিছলি গৈ নৈৰ কোৱাল সোঁতত উটি যোৱা সমনীয়াক নিজৰ জীৱনকো তুচ্ছ কৰি উদ্ধাৰ কৰিছিল বনাইৰ সীমান্ত শইকীয়া নামৰ কিশোৰটিয়ে। সেই সময়ত সীমান্ত শইকীয়াৰ বয়ষ আছিল মাত্ৰ দহ বছৰ। ২০০৪ চনত সংঘটিত হোৱা বনাই গড়কোষৰ সেই কিশোৰটিক সেই সময়ৰ ৰাষ্ট্ৰপতি এ পি জি আব্দুল কালামে গুৱাহাটীৰ জৰ্জ খেল পথাৰত অনুষ্ঠিত ২০০৬ চনৰ এক সভাত সাহসীকতাৰ বঁটা প্ৰদান কৰিছিল।

সেই সময়ৰ প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰধানমন্ত্ৰী মনমোহন সিং ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুন গগৈৰ উপস্থিতিত প্ৰদান কৰা বঁটাৰ মানপত্ৰ, স্মাৰক বুকুত সাবটি দিন অতিবাহিত কৰিছে এতিয়া চফল ডেকা সীমান্ত শইকীয়াই। পেটৰ তাৰনাত আৰু ৰোগীয়া পিতৃ-মাতৃক পোহপাল দিবৰ বাবে এতিয়া সীমান্তই ঘৰে ঘৰে দিন হাজিৰা কৰে। এসময়ত ৰাষ্ট্ৰপতিৰ দ্বাৰা সাহসিকতাৰ বঁটা লাভ কৰা সীমান্তৰ পিতৃ মাতৃৰ চৰকাৰলৈ অনুৰোধ নতুন চৰকাৰে ল'ৰাটোক কিবা এটা সংস্থাপন দিয়ক।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।