মৰিগাঁও জিলাৰ ভেলৌগুৰি আৰক্ষীৰ ব্যাপক অভিযানঃ গাঞ্জাসহ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

 06/12/2021 - 17:54


মৈৰাবাৰীঃ নৱ প্ৰজন্মৰ অভিশাপ স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আজি মৰিগাঁও জিলাৰ ভেলৌগুৰি আৰক্ষীয়ে ব্যাপক অভিযান চলাই ভজাকাটি গাঁৱৰ ফজিলা খাতুন আৰু আজাদ হুছেইনক ৪ টা কন্টেইনাৰ ১কে জি ৮০ গ্ৰাম গাঞ্জাসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহা এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ফজিলা খাতুনে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা চোৰাংভাৱে ড্ৰাগছ আনি  বজাকাটি গাঁৱত থকা নিজৰ ঘৰৰপৰাই বেপাৰটো চলাই নিছিল।

আজি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই এই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ বেপাৰী ফজিলা খাতুন আৰু আজাদ হুছেইনৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰি দুয়োকে জেললৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।