প্ৰকৃতিপ্ৰেমী আবুল কালাম আমিনৰ তৎপৰতাত নগাঁও জিলাৰ আলিটাঙনীত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ

 06/12/2021 - 18:29

 

বটদ্ৰৱাঃ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱীৰ আন প্ৰতিটো প্ৰাণী বা জীৱৰ প্ৰতি আমি সকলোৱেই দায়বদ্ধতা আৰু মৰম প্ৰকাশ কৰিব লাগিব। প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ বাবে আমি মানুহ হিচাপে সচেতন হব লাগিব। নগাঁও জিলাৰ জুৰীয়াৰ আলিটাঙনীৰ প্ৰকৃতিপ্ৰেমী যুৱক আবুল কালাম আমিনে নিশাৰ ভাগত আলিটাঙনী মৰ্কজুল উলুম ছোবাহী মোক্তাব মাদ্ৰাছাৰ সন্মুখৰ পৰা এই বিৰল প্ৰজাতিৰ কাছটো উদ্ধাৰ কৰি আজি বন বিভাগক চমজাই দিয়ে। বিৰল প্ৰজাতিৰ কাছটো বন বিভাগক চমজাই দি পৰম সন্তুষ্টি লাভ কৰা বুলি জানিবলৈ দিয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।