জামুগুৰিহাটৰ টুপীয়াত ডান একাডেমিৰ দুজন শিক্ষকৰ ব্যতিক্ৰমী পদক্ষেপঃ বিনামূলীয়া অনলাইন পাঠ্যক্ৰম প্ৰদান

 06/12/2021 - 18:46

 


জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপীয়াত দুজন শিক্ষক ক্ৰমে ৰক্তিম গোস্বামী আৰু সুপ্ৰকাশ দেই এক ব্যতিক্ৰমী পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে। ক’ভিড-১৯ ৰ পৰিপেক্ষিতত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিতি-নিৰ্দেশনাৰ বাবে বিদ্যালয়সমুহ বন্ধ হৈ থকাৰ সময়তে শিক্ষাৰ্থীসকলৰ বাবে শৈক্ষিক দিশত এক মহান উদ্দেশ্যৰে এই দুগৰাকী শিক্ষকে টিচমিন্ট এপৰ জৰিয়তে অনলাইন পাঠ্যক্ৰমৰ বিষয় ক্ৰমে গণিত, ঐচ্ছিক গণিত আৰু বিজ্ঞানৰ সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদান প্ৰদান কৰি অহা পৰিলক্ষিত হয়।

তেওঁলোকে অষ্টম মানৰ পৰা দ্বাদশ মান শ্ৰেণীলৈকে বৰ্তমান অনলাইন পাঠদান প্ৰদান কৰি আহিছে। অনাগত দিনত দান একাডেমিৰ জৰিয়তে অনলাইনৰ লগতে অফলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা হাতত লোৱা হ'ব বুলি আমাক জানিবলৈ দিয়ে।

দান একাডেমিৰ অনলাইন পাঠ্যক্ৰমৰ বাবে শোণিতপুৰ জিলাৰ লগতে বিভিন্ন জিলাৰ শিক্ষাৰ্থীসকলে এই পাঠদানত অংশগ্ৰহণ কৰিব পাৰিব। ইচ্ছুক শিক্ষাৰ্থীসকলে অধিক তথ্যৰ বাবে ৮০১১৭৮৭২১৫, ৬০০৩২৮৭১৫০ আৰু ৯৯৫৭১৮৭১৩১ নম্বৰত যোগাযোগ কৰিব পাৰিব। তেওঁলোকৰ এনে মহান পদক্ষেপক জামুগুৰিবাসী ৰাইজে শলাগ লোৱাৰ লগতে দান একাডেমিৰ দীৰ্ঘায়ু কামনা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।