বজালীত এখন টেংকাৰসহ ২৪ হাজাৰ লিটাৰ তেল জব্দ আৰক্ষীৰ

 06/13/2021 - 12:36

 

 


বজালীঃ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে বজালী জিলাৰ ভৱানীপুৰ অঞ্চল। বজালী জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত লাভ কৰিলে বৃহৎ সফলতা। ভৱানীপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এখন ধাবাৰ পিছপিনে চলি থকা অবৈধ তেলৰ ঘাটি উচ্ছেদ কৰি এখন বলেৰ' পিক আপ ভানৰ লগতে ২৪ হাজাৰ লিটাৰ পেট্ৰলজাতীয় তেল জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত আৰক্ষীৰ দলে চোৰাং তেল ভৰ্তি এখন টেংকাৰ আবদ্ধ কৰিবলৈ সক্ষম হয়।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।