বটদ্ৰৱাৰ হাইডুবী গাঁৱত আমছু নেতাৰ হাতত প্ৰাণ গ’ল নিজ খুৰাকৰ

 06/13/2021 - 14:21

 

বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবী গাঁৱত যোৱা শুকুৰবাৰে মাটিৰ সীমা বিবাদক কেন্দ্ৰ কৰি একেটা পৰিয়ালৰ মাজত এক মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। উক্ত সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল দুয়োপক্ষৰ কেইবাজনো লোক।

ইয়াৰে মজিবুৰ ৰহমান নামৰ লোকজন যোৱা নিশা মৃত্যু বৰণ কৰে। উক্ত মাৰপিট ঘটনাত মুখ্য আচামী হিচাপে নাম থকা জহিৰুল ইছলাম নামৰ লোকজন সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি হয়।

আৰু আমছু নেতা জহিৰুল ইছলাম মৃত মজিবুৰ ৰহমানৰ নিজ ভতিজা। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু বটদ্ৰৱা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এতিয়ালৈকে এজনো হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই বটদ্ৰৱা আৰক্ষীয়ে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।