দুৰ্ভগীয়া বিধৱা মহিলালৈ বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহায়

 06/13/2021 - 15:54

 

 

বাহাৰঘাটঃ নলবাৰী সমষ্টিৰ ১২ নং দতৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত থানপাতকুছি গাঁৱৰ অতিপাত দৰিদ্ৰ বিধৱা মহিলা খাদেজা বিবিই দীৰ্ঘদিন ধৰি কটাই আছে দুৰ্বিষহ জীৱন৷ অৰুনোদয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা বিনামূলীয়া শৌচালয় আনকি খোৱাপানী টুপিৰ পৰাও বঞ্চিত এইগৰাকী মহিলা৷ স্বামী খলিল আলিৰ মৃত্যুৰ পিচত একমাত্ৰ বিবাহিত পুত্ৰ তাজনুৰ আলিৰো মৃত্যু হয়৷

পুত্ৰৰ মৃত্যুৰ পিচত বোৱাৰীয়েকে এমাদিমা কন্যা সন্তানটিক এৰি অইনৰ লগত বিয়া হৈ গুচি যায়৷ তেতিয়াৰে পৰা খাদেজাই নাতিনী জুনুকাক বুকুত সাৱতি কটাই আছে দুৰ্বিষহ জীৱন৷ থাকিৱলৈ এখন টিনৰ জৰাজীৰ্ণ চালি৷ জুনুকা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰী৷ কৰ’না মহামাৰীৰ মিনি লকডাউনৰ ফলত যথেষ্ট কষ্টকৰভাৱে কটাইছে দিনকেইটা৷

আজি এই দুজনীয়া পৰিয়ালটোক বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি আকাশ বৰুৱা, ভাৰপ্ৰাপ্ত সম্পাদক মইনুল হক আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিকি শৰ্মাৰ নেতৃত্বত যোৱা এটি প্ৰতিনিধি দলে আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটি খাদ্য সম্ভাৰৰ টোপোলা অৰ্পণ কৰে৷ খাদ্য সম্ভাৰৰ টোপোলা গ্ৰহণ কৰি মহিলা গৰাকীয়ে ছাত্ৰ সন্থাক ভূয়সী প্ৰশংসা কৰে৷

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।