গোলাঘাট জিলাৰ কমাৰবন্ধা ৰাজ্যিক পশু চিকিৎসালয়ত চিকিৎসকৰ বিদায় সভা অনুষ্ঠিত

 06/13/2021 - 18:49

 

গোলাঘাটঃ গোলাঘাট জিলাৰ কমাৰবন্ধা ৰাজ্যিক পশু চিকিৎসালয়ত দেওবাৰে চিকিৎসকৰ এক বিদায় সভা অনুষ্ঠিত হয়। উল্লেখ্য যে কমাৰবন্ধ পশু চিকিৎসালয়ৰ পশু চিকিৎসকক গিৰিন কোঁৱৰৰ আজি বিদায় সভা অনুষ্ঠিত হয়। ইতিমধ্যে চিকিৎসক গৰাকীক বকোৰ কাহিবাৰীলৈ বদলি কৰা হৈছে।

ক'ভিড প'টকল ৰক্ষা কৰি  অৱসৰ প্ৰাপ্ত শিক্ষক নিত্যানন্দ হিলৈধাৰীৰ সঞ্চালনাত অনুষ্ঠিত  সভাত কমাৰবন্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গিৰিধৰ বৰা, গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰসন্ন শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰেৱ শইকীয়াই ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিত চিকিৎসকজনক ৰাজহুৱাকৈ বিভিন্ন দল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটো আঁত ধৰে গঙা বৰা আৰু পবিত্ৰ বৰাই।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।