মাৰ্ঘেৰিটা ৩নং মাকুম পথাৰ স্বৰ্গীয় গোলাপ লাহন পথৰ নলাৰ কালভাৰ্ট মেৰামতি স্থানীয় ৰাইজৰ

 06/13/2021 - 20:02

 

মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মাকুম পথাৰ পঞ্চায়তলৈ যোৱা এই গুৰুত্বপূৰ্ণ পথটোত থকা নলাৰ ওপৰত থকা কালভাৰ্টৰ এটা অংশ দীৰ্ঘদিন ধৰি ভাঙি থকাৰ ফলৰ বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আছিল। আজি স্থানীয় যুৱক ৰিকি শৰ্মাৰ তৎপৰতাত তথা স্থানীয় ৰাইজৰ সহযোগত নলা পৰিস্কাৰ আৰু ভাঙি থকা অংশ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰে। উল্লেখ্য যে কিছুদিনৰ পৰা মাকুম পথাৰৰ যুৱক ৰিকি শৰ্মাই অঞ্চলটোত কেইবাটাও সামাজিক কাম নিজৰ গাঠিৰ ধন ভাঙি কৰি আহিছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।