নগাঁও জিলাৰ ৰঙলুৰ বৰকন্দলী মিকিৰপাৰ বৰকন্দলীত বনবিভাগ আৰু আৰক্ষীৰ অভিযানঃ বৃহৎ পৰিমাণৰ কাঠ জব্দ

 06/14/2021 - 11:48

 

কামপুৰঃ নগাঁও জিলাৰ ৰঙলুৰ বৰকন্দলী মিকিৰপাৰ বৰকন্দলীত বনবিভাগ আৰু আৰক্ষীৰ অভিযান। জাকিৰ হুছেইন নামৰ এজন লোকৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ মূল্যবান কাঠ জব্দ। গোপনসুত্ৰৰ পম খেদি কঠিয়াতলী বন আঞ্চলিক কাৰ্যালয়, মদাৰতলি বীট আৰু ৰাঙলুৰ আৰক্ষীয়ে অভিযান চলাইছিল। অৱশ্যে পলায়ন কৰে গৃহস্থ জাকিৰ হুছেইনে। কাঠখিনিৰ মূল্য ৭০ পৰা ৮০ হাজাৰ হ’ব বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।