দক্ষিণ কলাডুবা গাঁৱত তীব্ৰ চাঞ্চল্যঃ চিপ লৈ থকা অৱস্থাত আলী আহমেদ নামৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

 06/14/2021 - 12:09

 

বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ কলাডুবা গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গছত চিপ লৈ থকা অৱস্থাত স্থানীয় ৰাইজে আজি পুৱাৰ ভাগত প্ৰত্যক্ষ কৰে এজন ব্যক্তিক। মৃত ব্যক্তিজন দক্ষিণ কলাডুবা গাঁৱৰ আলী আহমেদ বুলি জানিব পৰা গৈছে। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

ঘটনাস্থলীত ডুমডুমীয়া আৰু জুৰীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ দক্ষিণ কলাডুবা গাঁৱত।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।