বটদ্ৰৱাৰ ভোমোৰাগুৰিত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক

 06/14/2021 - 12:18


বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে সফল অভিযান। অভিযানত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ, নগদ ধন আৰু এটা মবাইল ফোন। বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন ফুকনৰ নেতৃত্বত এটি আৰক্ষীৰ দলে এক গোপন খবৰৰ ভিত্তিত দেওবাৰে বিয়লি সময়ত অভিযান চলাইছিল পূৱ ভোমোৰাগুৰি গাঁৱৰ ছাজত আলী নামৰ লোকজনৰ বাসগৃহত।

আৰক্ষীৰ অভিযানত ছাজত আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ, নগদ ধন আৰু এটা মবাইল ফোন। দীৰ্ঘদিন ধৰি নিজ গৃহতেই ছাজত আলীয়ে চলাই আহিছিল নিষিদ্ধ ড্ৰাগছৰ এই বেহা। উল্লেখ্য যে, ধৃত ছাজত আলী পূৰ্বে নিজ পিতৃক হত্যাৰ অভিযোগত অভিযুক্ত হৈ জেল হাজোতলৈ গৈছিল।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।