কলগাছিয়াৰ আমগুৰিত গড়কাপ্তানী পথ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

 06/14/2021 - 12:24

 

 

কলগাছিয়াঃ জনীয়া সমষ্টিৰ কলগাছিয়াৰ পৰা আমগুৰি হৈ কৰাৰকুৰলৈ যোৱা গড়কাপ্তানী পথ মেৰামতি কৰাৰ ক্ষেত্ৰত ঠিকাদাৰ ফজল হক(ফকৰ)ৰ বিৰুদ্ধে বিয়াগোম দুৰ্নীতি কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। পথছোৱা মেৰামতিৰ নামত 2020/21 বৰ্ষৰ SDRF আচনিৰ অধীনত 17 লাখ টকা চৰকাৰে আবন্টন দিয়ে যদিও ঠিকাদাৰজনে সামান্য কাম কৰি টকা আত্মসাৎ কৰা বুলি ৰাইজে অভিযোগ কৰিছে।

আনহাতে পথছোৱা মেৰামতিৰ কাম চলি থকা অৱস্থাত ঠিকাদাৰ আৰু বিধায়ক হাফিজ ৰফিকুল ইছলামৰ চেলা চামুণ্ডাৰ নিৰ্দেশ মৰ্মে অতি নিম্নমানেৰে কাম কৰাৰ বাবে দুমাহতেই ৰাস্তাতো জহি খহি যোৱাত যাতায়তৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে নৰক যন্ত্ৰণাত ভুগিব লগা হৈছে।

ৰাইজে অভিযোগ কৰা মতে ১৭ লাখ টকাৰ কামত ব্যাপক দুৰ্নীতিৰে নাম মাত্র ১ লাখ টকাৰ কাম কৰি বাকী টকা ঠিকাদাৰ ফজল হক (ফকৰ) আৰু বিধায়কৰ চেলা চামুণ্ডাই আত্মহাত কৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ফলত ৰাইজে গড়কাপ্তানি বিভাগৰ মন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত তদন্তৰ দাবী জনাইছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।