সেউজ বিপ্লৱৰ সূচনা কৰাৰ লগতে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে জামুগুৰিহাটৰ জীয়াভৰলীৰ চাপৰিত কৃষক উমাকান্ত শইকীয়াই

 06/14/2021 - 12:38

 

জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চামধৰা পানিগাঁও নিবাসী উমাকান্ত শইকীয়াই জীয়াভৰলী পাৰৰ চাপৰিত সেউজ বিপ্লৱৰ সূচনা কৰাৰ লগতে দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন। নদীৰ পাৰৰ পলসুৱা মাটিত কৃষিকৰ্ম কৰাৰ উপৰিও আদৰ্শ কৃষক উমাকান্ত শইকীয়াই গো পালন, ছাগলী ফাৰ্ম, মুৰ্গী ফাৰ্মেৰে স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে।

১৯৯৮ চনতে স্থাপন কৰা এই বিশেষ ফাৰ্মখনত বৰ্তমান ২১ টা গৰু, ৬৫ টা ছাগলী আৰু ডেৰশৰো অধিক মুৰ্গী পালনৰ জৰিয়তে প্ৰতিদিনে নিজক জড়িত কৰি ৰাখি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে পৰিয়াল ভৰন পোষন দি অহা বুলি জানিবলৈ দিছে উমাকান্ত শইকীয়াই।

সম্প্ৰতি জীয়াভৰলী নৈৰ প্ৰৱল গৰাখহনীয়াই এই বিশেষ ফাৰ্মখনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে৷ যাৰ বাবে ফাৰ্মৰ গৰাকী উমাকান্ত শইকীয়া শংকিত হৈ পৰিছে বুলি জানিবলৈ দিছে। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আদৰ্শ কৃষক গৰাকীৰ কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰি ভূয়সী প্ৰশংসা কৰে৷

ৰবিবাৰে বিধায়ক গৰাকীৰ পৰামৰ্শ অনুযায়ী উক্ত ফাৰ্মখনৰ পৰিস্থিতি আৰু পৰিকল্পনাৰ সন্দৰ্ভত বুজ লয় নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি তথা উত্তৰ ছিলাবন্ধা গাঁওপঞ্চায়তৰ সভাপতি জয়ন্ত বৰা, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙৰ লগতে নদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি সঞ্জয় শৰ্মাই। উমাকান্ত শইকীয়াই এইক্ষেত্ৰত জীয়ভৰলী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে৷

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।