দক্ষিণ কামৰূপৰ সোণতলীত সাধাৰণ ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে মেৰামতি কৰিলে পথ

 06/14/2021 - 13:14

 

 

দক্ষিণ কামৰূপঃ দক্ষিণ কামৰূপৰ সোণতলীৰ অতিকৈ ব্যস্ত এটা পকী পথ৷ নিতৌ অহা-যোৱা কৰে হাজাৰ হাজাৰ যান-বাহন৷ এই পথৰ দুৰাৱস্থা চালে আপোনাৰো এখন্তেক ভাবিবলৈ মন যাব যে- এয়া সচাই পকী পথ নে নলা নৰ্দমা! পথৰ অৱস্থাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ অৱগত কৰাইছে ৰাইজে। কিন্তু কোনো সুফল নোপোৱা বুলি ৰাইজে ক্ষোভ উজাৰে।

চৰকাৰে কৰিব নোৱাৰা কাম এইবাৰ কৰিবলৈ আগবাঢ়ি আহিল স্থানীয় ৰাইজে। নিজৰ গাঁঠিৰ ধন খৰচ কৰি নিজ চেষ্টাতেই এইদৰে হাতে কামে লাগি পথ মেৰামতি কৰিবলৈ। উল্লেখ্য নতুন কাঠমীৰ পৰা নিজ কাঠমী হৈ ডেকাচাঙলৈ যোৱা একমাত্ৰ পথ। চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই বিগত দুবছৰে এই দৰে মেৰামতি নকৰি ৰাইজক ভোগাই আহিছে যমৰ যাতনা। বাৰিষা অহাৰ পূৰ্বেই এই পথৰ যি অৱস্থা। বাৰিষা তথা নেৰানেপেৰা বৰষুণ হৈ থাকিলে এই পথৰ কি অৱস্থা হব?

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।