নিৰ্মাণৰ ৩০ বছৰৰ পিছতো মুকলি নহ’ল জামুগুৰিহাটৰ পানপুৰ চিকিৎসালয়

 06/14/2021 - 13:22

 

জামুগুৰিহাটঃ জামুগুৰিহাটৰ পানপুৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ ৩০ বছৰৰ পিছতো জনসাধাৰণক বাবে মুকলি নহ'ল পানপুৰ ৰাজ্যিক চিকিৎসালয়। অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজৰ চিকিৎসা সেৱাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৮৭ চনতে তদানীন্তন অগপৰ চৰকাৰৰ কাৰ্য্যকালত আধাৰশিলা স্থাপন কৰা আৰু পৰবৰ্তী সময়ত নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠা চিকিৎসালয়খন আজিলৈকে ৰাইজৰ বাবে মুকলি হৈ নুঠিল।

কোনো এখন চৰকাৰেই বিশেষকৈ কংগ্ৰেছ চৰকাৰৰ দীৰ্ঘদিনীয়া শাসনৰ সময়ছোৱাত পানপুৰৰ এই চিকিৎসালয়খনৰ প্ৰতি সুদৃষ্টি নপৰাৰ ফলতেই বৰ্তমান চিকিৎসালয়খনৰ গৃহসমূহ হাবি জংঘলৰে ভৰি পৰাৰ লগতে জহিখহি যাবলৈ ধৰিছে।

কোনো লোকে এতিয়া চিকিৎসালয়খনৰ গৃহৰ ভিতৰত গৰু, ছাগলী বান্ধিবলৈ লোৱাত গোহালীলৈ পৰ্য্যবেশিত হৈছে চিকিৎসালয়খনৰ গৃহটি। জামুগুৰিহাটৰ বৃহত্তৰ পানপুৰ অঞ্চলৰ ৰাইজ বৰ্তমানো আশাবাদী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনে নিৰ্মাণৰ ৩০বছৰৰ পিছতো ৰাইজৰ বাবে মুকলি নোহোৱা চিকিৎসালয়খন মুকলি কৰি অঞ্চলবাসী ৰাইজক উপকৃত কৰিব।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।