লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহতঃ ৫ টা ড্ৰাগছ কন্টেইনাৰ, নিচাজাতীয় টেবলেট, নগদ ২৫১৬০ টকাসহ এজনক আটক

 06/14/2021 - 13:50

 

 

লাহৰীঘাটঃ মৰিগাঁৱৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত। আজি পুনৰ লাহৰীঘাটৰ বগলীপাৰা গাঁৱত আৰক্ষীয়ে অভিযান চলাই ৫ টা ড্ৰাগছ কন্টেইনাৰ, নিচাজাতীয় টেবলেট, নগদ ২৫১৬০ টকাসহ এজনক আটক কৰিবলৈ সক্ষম হয়।

ধৃত লোকজনৰ নাম নজৰুল ইছলাম। লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বড়োৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নিশা অভিযান চলাই অঞ্চলটো বগলীপাৰা গাঁৱৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে।

এক গোপন সূত্ৰৰ পম খেদি লাহৰীঘাট আৰক্ষীৰ দলে ধৃত নজৰুল ইছলামৰ ঘৰত অভিযান চলাই ড্ৰাগছসহ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে 337/21 নম্ভৰত ভাৰতীয় দণ্ডবিধি আইনৰ 21(a)/25/29 NDPS অধীনত এক গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।  

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।