নলবাৰীত ছাগলী চোৰক আটক

 06/14/2021 - 13:57

 

নিউজ ডেস্কঃ যোৱা ৯ জুনত নলবাৰী জিলাৰ পূৰ্ণদৈচপৰাত বিলাসীবাহন লৈ ছাগলী চোৰৰ বাবে অহা দুই ছাগলী চোৰক নলবাৰী আৰক্ষী আৰু ঘগ্ৰাপাৰ আৰক্ষীৰ যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ হাজোৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ছাগলী চোৰে বিলাসী গাড়ীৰে ছাগলী চুৰি কৰিবলৈ আহি এটা পুতলা পিষ্টল এৰি পূৰ্ণদৈচপৰাৰ পৰা পলায়ন কৰিছিল। হাজোৰ আজগড় আলী, তেজপুৰৰ চৰফৰাজ আহমেদক গ্ৰেপ্তাৰ কৰে। দীৰ্ঘদিন ধৰি দুৰ্ধৰ্ষ চোৰে ছাগলী চোৰৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত বুলি জানিব পৰা যায়। বৰ্তমান দুযোজন ভিআইপি ছাগলীচোৰ ঘগ্ৰাপাৰ আৰক্ষীৰ জিম্মাত৷

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।