ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰত কাছক খাদ্য-সামগ্ৰী যোগান

 06/14/2021 - 16:28

 


 জামুগুৰিহাটঃ ক’ৰণাৰ ২য় স্তৰ আৰম্ভ হোৱাৰ লগে লগে দেখিব পোৱা গৈছিল ৰাজ্যৰ মঠ মন্দিৰৰ লগতে দেৱালয়সমূহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছিল। বন্ধ হৈ পৰিছিল ভক্ত প্ৰাণৰ আগমনৰ। যাৰ বাবে এক প্ৰকাৰে মঠ-মন্দিৰ কিম্বা দেৱালয়সমূহৰ পোহনীয়া জীৱ-জন্তু সমূহে খাদ্যৰ অভাৱত পৰা দেখিব পোৱা গৈছে। তেনে এক মন্দিৰৰ ভিতৰত জামুগুৰিহাটৰ নিকটবৰ্ত্তী ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰৰ দুটাকৈ পুখুৰীত থকা প্ৰায় পাছ সহস্ৰাধিক কাছৰ খাদ্যৰ ব্যাপক নাটনি হোৱা দেখা যায়। পৰ্যটনৰ কেন্দ্ৰ হিচাপে পৰিচিত মন্দিৰ ভাগৰ কাছ সমূহৰ খাদ্য প্ৰায় দৰ্শনাৰ্থী ভক্তপ্ৰাণ ৰাইজেই যোগান ধৰিছিল।

কিন্তু ক’ৰণা মহামাৰীৰ বাবে এতিয়া বন্ধ হৈ পৰিছে মন্দিৰ তথা ভক্ত প্ৰাণ ৰাইজৰ আগমন। ইয়াৰ পৰিপেক্ষিতত নাগশংকৰ মন্দিৰ পৰিচালনা কমিটিয়ে ৰাইজক আহ্বান জনাইছিল কাচক খাদ্য-সামগ্ৰী যোগানৰ৷ আনহাতে মানৱতাৰ নিদৰ্শন দেখোৱাৰ লগতে জীৱ কুলৰ প্ৰতি প্ৰেম কৰা বিশ্বনাথৰ গ্ৰীন উৱেলফাৰ চচাইটিৰ চত্তাধিকাৰী শ্ৰী যুত কল্প কিশোৰ হাজৰিকাই কাছ খিনিৰ বাবে যোগান ধৰে কিছু খাদ্যৰ।

লগতে বিশ্বনাথৰ সংবাদ কৰ্মী দেৱজিৎ বৰায়ো দেখোৱালে জীৱ কুলৰ প্ৰতি থকা প্ৰেম, ক’ৰনাৰ ভয়াবহতাৰ মাজত প্ৰতিটো বাতৰি যোগান ধৰি সেৱা আগবঢ়াই অহাৰ লগতে আজি নাগ শংকৰ মন্দিৰত থকা কাছৰ বাবে যোগান ধৰে খাদ্য-সামগ্ৰীৰ এইয়াই নহয় ল’কডাউনৰ সময়তো দেখা গৈছিল বহুজনক সহায়ৰ হাত আগবঢ়োৱা। এতিয়া কেৱল প্ৰকৃতি প্ৰেমি সকললৈ অনুৰুধ সকলোৱে সহায়ৰ হাত আগবঢ়াওক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।