মৰিগাঁও জিলাৰ মৈৰাবাৰী হাতীমূৰীয়া গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাঁথাঃ সহায়ৰ বাবে আহ্বান

 06/14/2021 - 17:13

 


মৰিগাঁওঃ মৰিগাঁও জিলাৰ মৈৰাবাৰী হাতীমূৰীয়া গাঁৱৰ আৰ্থিকভাৱে দুৰ্বল এটি পৰিয়ালৰ কৰুণ কাহিনী। বিগত বহুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে আজিজুল। আজিজুলৰ হৈছে ককাল টিউমাৰ। এই জটিল ৰোগৰ উন্নত চিকিৎসাৰ বাবে পিতৃ-মাতৃ তেনেই অপাৰগ যি সা-সম্পত্তি আছিল সমগ্ৰ বিক্ৰী কৰি দিশহাৰা হৈ পৰিছে পৰিয়ালটি।

যৌৱনকাল আৰম্ভ কৰোতেই জীৱন মৰণেৰে যুঁজিবলগীয়া হোৱা আজিজুলৰ উন্নত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটিক এতিয়া প্ৰয়োজন এক বৃহৎ পৰিমাণৰ অৰ্থৰ। আৰ্থিক দৈন্যতাই সংকটত নমাই আনিছে পৰিয়ালটিৰ জীৱন নিৰ্বাহ কৰি অহা দুৰ্ভগীয়া পৰিয়ালটি ভৱিষ্যত জীৱনলৈ। তেওঁৰ পৰিয়াল বুলিবলৈ আছে ঘৈণীয়েক আৰু কণমানি পুত্ৰ সন্তান লগতে বৃদ্ধা পিতৃ-মাতৃ।

তেঁওলোকক প্ৰয়োজন চৰকাৰ, আজমল ফাউণ্ডেচনৰ তথা আপোনাৰ মোৰ দৰে দহজনৰ সহায়ৰ হাত। মানৱীয়তাৰ খাতিৰতেই হওক বা উঠি অহা সপোন আজিজুল আৰু দুৰ্ভগীয়া পৰিয়ালটি মুখত হাঁহি বিৰিঙাবলৈয়ে হওক, লাগে আপোনাৰ অকণমান সঁহাৰি।

আপোনাৰ সহায়ে এই দুৰ্ভগীয়া পৰিয়ালটিৰ মুখলৈ হাঁহি ঘূৰাই আনিব পাৰে। আপোনাৰ অকণমান সহায়ে এই দুৰ্ভগীয়া যুৱকজনক জীৱন দান দিব পাৰে। আহকচোন সকলোয়ে মিলি এই দুৰ্ভগীয়া পৰিয়ালটিক অকণমান সহায়ৰ হাত আগবঢ়াও। যোগাযোগ কৰিব পাৰে 9401466534 নম্বৰত। আপুনি আৰ্থিক সহায় আগবঢ়াব পাৰে SBI ধিং শাখাৰ একাউন্ট নম্বৰ 35113903993 IFSC: SBIN0002050

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।