মাৰ্ঘেৰিটাত চোৰাং কয়লা ভৰ্তি মেক্স জব্দ

 06/14/2021 - 17:31

 

 


মাৰ্ঘেৰিটাঃ দীৰ্ঘদিনৰ পৰা মাৰ্ঘেৰিটাত চোৰাং কয়লা সৰবৰাহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ থকাৰ পাছতো একাংশ চোৰাং কয়লা বেপাৰীয়ে আৰক্ষীৰ চকুত ধুলি দি বিভিন্ন ইটাভাটালৈ চোৰাংভাবে কয়লা সৰবৰাহ অব্যাহত ৰাখিছিল।

আজি পুৱাই এনেদৰে চোৰাংভাৱে কৰা কয়লা সৰবৰাহৰ কথা আৰক্ষীয়ে জানিব পাৰি অভিযান চলাই কয়লা সহ এ এচ ২৩ চি ৩৭৮০ নম্বৰৰ মেক্সখন কয়লাসহ জব্দ কৰিছে। তাৎপৰ্যপূৰ্ণ কথা হল যে বিগত এবছৰ ধৰি উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ উৎপাদন আৰু পৰিবহন সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ পাছতো ইটাভাটা সমূহত পৰ্যাপ্ত কয়লাই চোৰাংভাৱে কয়লাৰ সৰবৰাহৰ কথাটোকে প্ৰমাণ কৰিলে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।