জনপ্রিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট বিৰ্তকক লৈ ধিঙত সাংস্কৃতিক কৰ্মীৰ সংবাদমেল

 06/14/2021 - 19:23

 

বটদ্ৰৱাঃ জনপ্রিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টক লৈ ইতিমধ্যে সমগ্র ৰাজ্যতে আৰম্ভ হৈছে বিৰ্তকৰ। ধাৰাবাহিকখনৰ ২০৫৬ নং খণ্ডত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে নৱপ্ৰজন্মক সজাগতাৰ ক্ষেত্রত যি দৰে সম্প্ৰচাৰ কৰিছিল সেই বিষয়টোক লৈ একাংশ লোকে ধৰ্মীয় মেৰুকৰণৰ দৃষ্টিৰে সামাজিক মাধ্যমত সমালোচনা কৰে।

এই ক্ষেত্ৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে সংখ্যালঘূ লোকসকলক লক্ষ্য কৰি ধাৰাবাহিকখনে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছে বুলি সামাজিক মাধ্যমত সমালোচনা কৰাক লৈ বৃহত্তৰ ধিং অঞ্চলৰ সাংস্কৃতিক গোষ্ঠীৰ কৰ্মকৰ্তাসকলে বিধায়ক গৰাকীক এনে কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।