লংকা ৫ নং ৱাৰ্ডৰ মাধৱদেৱ পথত বিধ্বংসী অগ্নিকাণ্ড

 06/15/2021 - 11:21


লংকাঃ লংকা ৫ নং ৱাৰ্ডৰ মাধৱদেৱ পথত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাঁহ গ'ল এটা পৰিয়ালৰ বাসগৃহ। বাবলু সিং নামৰ লোক এজনৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত। গেছ চিলিণ্ডৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সুত্ৰপাত। জুইত জাঁহ গ'ল দহ লক্ষাধিক টকাৰ সম্পত্তি। অগ্নিনিৰ্বাপক বাহিনী বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।