দক্ষিণ কামৰূপৰ ছমৰীয়াত দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

 06/15/2021 - 11:26

 

 

দক্ষিণ কামৰূপঃ দক্ষিণ কামৰূপৰ বকো গড়কাপ্তানি পথ উপসংমণ্ডল অন্তৰ্গত ছমৰীয়া সত্ৰৰ পৰা বৰুৱা পথাৰ লৈ যোৱা পথ আৰু পকী দলং নিৰ্মাণত ডাং চাং এন্টাৰ প্ৰাইজ গুৱাহাটীৰ সত্বাধিকাৰীয়ে ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংগঠিত কৰি আহিছে৷ ছমৰীয়া সত্ৰৰ পৰা বৰুৱা পথাৰলৈ যোৱা ৬.৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ ৭০৬০০৫৪৫ ব্যয় সাপেক্ষে ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে পকী পথ আৰু পকী দলং নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক দুৰ্নীতি৷

দুৰ্নীতিৰ সদাগৰ ডাং চাং এন্টাৰ প্ৰাইজ গুৱাহাটীৰ সত্বাধিকাৰীৰ বিৰুদ্ধে কেইবা শতাধিক স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীয়ে ঠিকাদৰৰ দুৰ্নীতি নচলিব, দুৰ্নীতি পৰায়ন ঠিকাদাৰ , মহৰি হুঁচিয়াৰ, অসম চৰকাৰৰ গৃহ বিভাগ হায় হায়, পকীদলং নিৰ্মাণত দুৰ্নীতি বন্ধ কৰক আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ নৱ নিৰ্মিত পকী দলঙৰ দুয়োমূৰে ফাট মেলা আৰু ঠায়ে ঠায়ে জহি-খহি যোৱাত ৰাইজে ঠিকাদাৰৰ নিম্নমানৰ কাম-কাজৰ প্ৰতি তীব্ৰ সকিয়নী দিয়ে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।