ক’ৰণাৰ বাবে এবছৰ পিছুৱাই দিয়া টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবনে হিমা দাসে?

 06/15/2021 - 13:10

 

নিউজ ডেস্কঃ জাপানৰ ৰাজধানী চহৰ টকিঅ’ত আৰু ৩৭ দিন পিছত আৰম্ভ হ’ব বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া সমাৰোহ অলিম্পিক গেমছ। ক’ৰণাৰ বাবে এবছৰ পিছুৱাই এতিয়া ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ টকিঅ’ত অনুষ্ঠিত হ’ব বিশ্ব ক্ৰীড়াৰ শ্ৰেষ্ঠ মহাসমৰখন। মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে ৰীড়াৰ এই বিপুল বিশ্ব যুদ্ধত এই পৰ্যন্ত অসমৰ পৰা যোগ্যতা অৰ্জন কৰিছে। এতিয়াও অলিম্পিকৰ যোগ্যতা নিৰ্ণয়ৰ অপেক্ষাত আছে "ধিং এক্সপ্ৰেছ" হিমা দাসে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।