নগাঁও জিলাৰ জুৰীয়াত সাংবাদিকক দলবদ্ধ আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ

 06/15/2021 - 14:05

 

বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়াত সাংবাদিকক দলবদ্ধ আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ। জুৰীয়া আৰক্ষী থানাৰ সন্মুখত বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দ, নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকল একত্ৰিত হৈ ক’লা বেজ পৰিধান কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উক্ত ঘটনাৰ লগত জড়িত কংগ্ৰেছৰ ভেৰোণীয়া গুণ্ডাবাহিনীক আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জুৰীয়াত।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।