জামুগুৰিহাটৰ ইটাখোলাত নৃশংস হত্যাকাণ্ড

 06/15/2021 - 14:23

 

জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলাস্থিত মনাই চুইচ গেটত আজি ৰাতিপুৱা উদ্ধাৰ হোৱা এজন যুৱকৰ মৃতদেহৰ ঘটনাই সমগ্ৰ  ইটাখোলা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে দুই নং ইটাখোলাৰ মোহন শইকীয়াৰ একমাত্ৰ পুত্ৰ সঞ্জীৱ শইকীয়া (23) ক যোৱা নিশা কোনো দুস্কৃতিকাৰীয়ে দা ৰে মূৰত আৰু সোঁ বাহুত ঘপিয়াই  হত্যা কৰে।

পিতৃ মোহন শইকীয়াৰ পৰা জানিব পৰা মতে যোৱা কালি সন্ধিয়া ঘৰ পৰা সঞ্জীৱে ওলাই আহিছিল যদিও নিশা ঘৰলৈ ওভতি নোযোৱাত পৰিয়ালৰ লোকে আজি ৰাতিপুৱা বিচাৰি ফুৰোতে চুইচ গেটত এজন যুৱকৰ মৃতদেহ ওলোৱা খবৰ পোৱাত মোহনে ঘটনাস্থলীত উপস্থিত হৈ পুত্ৰৰ মৃতদেহ প্ৰত্যক্ষ কৰি কান্দোনত ভাঙি পৰে। বৰ্তমান উক্ত হত্যাকাণ্ড সন্দৰ্ভত ইটাখোলা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।