বিশ্বনাথ জিলা প্ৰাথমিক কেন্দ্ৰীয় টেট উত্তীৰ্ণ সমাজৰ সংবাদমেল সম্বোধন

 06/15/2021 - 14:30

 

 বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ জিলা প্ৰাথমিক কেন্দ্ৰীয় টেট উত্তীৰ্ণ সমাজে আজি বিশ্বনাথ জিলাৰ বিহালীৰ বাঘমাৰীত সম্বোধন কৰে এখনি সংবাদমেলৰ। সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী জনায় শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ চৰকাৰক।

শেহতীয়াকৈ, ৰাজ্য চৰকাৰে ৰাজ্যিক টেট অনুষ্ঠিত কৰি প্ৰাথমিক পৰ্যায়ৰ শিক্ষক নিযুক্তি দিছিল যদিও নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰা নাছিল কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে।

এইক্ষেত্ৰত কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ উমৈহতীয়া সংগঠনৰ বিশ্বনাথ জিলা সমিতিয়ে আজি সংবাদমেল যোগে এইক্ষেত্ৰত ৰাজ্য চৰকাৰক কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলকো নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সুযোগ দিবলৈ আহ্বান জনায়।

সমান্তৰালকৈ, NCTE Guideline ৰ ১১ নং দফাত উল্লেখ থকা ধৰণেৰে প্ৰতিবছৰে এবাৰকৈ টেট অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।